(1) "গোটেই ৰাতি এবাদত কৰাৰ পিছত যদি মনৰ ভিতৰত বিন্দুমাত্র অহমিকা বোধ সৃষ্টি হয় তাতকৈ বৰঞ্চ গোটেই ৰাতি টোপনিমাৰি ৰাতিপোৱাত আল্লাহৰ ওচৰত লজ্জিত হোৱাই বহুত ভাল।"
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
(2) "তৰোৱালৰ আঘাতে মানুহৰ শৰীৰ জখম কৰে কিন্তু বেয়া কথাৰ আঘাতে হৃদপিন্ড ৰক্তাক্ত কৰি দিয়ে।"
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
(3) "পৃথিৱীখনক যিয়ে ভালদৰে চিনি পাইছে, তেও ইয়াৰ পৰা সিমানেই বেছি নিস্পৃহ হৈছে।"
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
(4) "শান্তিৰ লগত জীৱন যাপন কৰাৰ পিছতো যিজন ব্যক্তিৰ আকাঙ্খা শেষ নহয়, তাৰ পক্ষত তৃপ্ত হোৱা সম্ভৱ নহয়।"
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
(5) "মুখ বন্ধ কৰি পেলোৱাই ক্রোধৰ সর্বোত্তম চিকিৎসা।"
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
(6) "জিহ্বা স্খলন পদস্খলনতকৈ বেছি বিপদজনক।"
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
(7) "মানুহৰ হক(প্রাপ্য/দায়িত্ব) সম্পর্কে যি ব্যক্তি সচেতন নহয়, সি আল্লাহৰ হক সম্পর্কে সচেতন হ'ব নোৱাৰে।"
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
(8) "দৰিদ্রই কোনো মুছলমানক অপমান কৰিব নোৱাৰে, মুছলমান যেতিয়া দ্বীনৰ(ধর্ম) পৰা দূৰলৈ গুচি গৈ থাকে তেতিয়াই পদে পদে অপমানৰ সম্মুখীন হয়"।
✏ তৃতীয় খলীফা হজৰত ওচমান (ৰাদিআল্লাহু আনহু)
No comments:
Post a Comment